তুমি আলোকৰ জ্ঞানৰ পুণ্যভূমি শত জনমৰ সাধনাৰে গঢ়া মহা জীৱনৰ খনি ।। তুমি বিকশিত আজি জ্ঞানৰ জ্যোতিৰে চৌদিশ জ্যোতিষ্মান তুমি জীৱন গঢ়াৰ অংগীকাৰেৰে হ'লা আজি মহীয়ান দিয়া সৃষ্টি দিয়া কৃষ্টি নতুন পোহৰ সিঁচি শত জনমৰ সাধনাৰে গঢ়া মহাজীৱনৰ খনি ।। তুমি অগ্ৰগতিৰ আন এটি নাম পৰিচয় সমাজৰ তুমি প্রভাতে প্রভাতে সিঁচি দিয়া মহাবাণী জীৱনৰ দিয়া ঋদ্ধি দিয়া সিদ্ধি উঠক জয়ধ্বনি শত জনমৰ সাধনাৰে গঢ়া মহাজীৱনৰ খনি।।